Thursday, May 21, 2026
HomeIndiaRepublic Ne Update: ঐতিহাসিক দাণ্ডী যাত্ৰা -প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

Republic Ne Update: ঐতিহাসিক দাণ্ডী যাত্ৰা -প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

ঐতিহাসিক দাণ্ডী যাত্ৰা। ৯৫ বছৰ হ’ল এই সংগ্ৰামৰ।আজিৰ দিনটোতে অৰ্থাৎ ১৯৩০ চনৰ ১২ মাৰ্চতে মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল এই ঐতিহাসিক দাণ্ডী যাত্ৰাৰ। আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ লক্ষ্য আছিল লোণ আইন ভংগ কৰা। এই আইন ভংগৰ জৰিয়তে ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ দেশত প্ৰতিবাদৰ এক জোৱাৰ সৃষ্টি হৈছিল। মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ অন্যায়পূৰ্বক লোণ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এই যাত্ৰাৰ পৰিকল্পনা কৰি বাস্তৱায়িত কৰিছিল। এই আইন ভংগ কৰিলে তাৰ পাছৰ পদক্ষেপ কি হ’ব সেয়াও আন্দোলনৰ পূৰ্বেই সুপৰিকল্পিত কৰা হৈছিল। সুপৰিকল্পিত এই প্ৰতিবাদী যাত্ৰাই বিশাল জনসমৰ্থনো লাভ কৰিছিল।ব্ৰিটিছ লোণ আইনৰ বিৰুদ্ধে গান্ধীয়ে তেওঁৰ ৭৯ গৰাকী সঙ্গীৰ সৈতে ২৪০ মাইৰো অধিক পথ পদব্ৰজে গৈ নৱসাৰীৰ এখন সৰু গাওঁ দাণ্ডীত উপস্থিত হৈছিলগৈ। য’ত তেওঁ সাগৰৰ পাৰত উপস্থিত হৈ ৰাজহুৱাকৈ ব্ৰিটিছে প্ৰণয়ন কৰা লোণ আইন ভংগ কৰিছিল। প্ৰতিদিনে ১৬ কিলোমিটাৰ ভ্ৰমণ কৰিছিল। ১২ মাৰ্চত আৰম্ভ হোৱা এই যাত্ৰাৰ অন্তত ৬ এপ্ৰিলত দাণ্ডীত গান্ধী আৰু তেওঁৰ দলটো উপস্থিত হৈছিল। সেয়ে ১৯৩০ চনৰ ১২ মাৰ্চৰ দিনটো ভাৰতৰ স্বাধীনতা যুঁজত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি গণ্য কৰা হয়। মোডীয়ে আজি ঐতিহাসিক দাণ্ডী যাত্ৰাৰ ৯৫ বছৰীয়া জয়ন্তী উপলক্ষে এই যাত্ৰাৰ অংশগ্ৰহণকাৰীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ লগতে কয় যে, দাণ্ডী যাত্ৰাত অংশগ্ৰহণকাৰীসকলৰ সাহস, ত্যাগ আৰু সত্য আৰু অহিংসাৰ প্ৰতি দায়বদ্ধতাই প্ৰজন্মৰ পৰা প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। নিজৰ এক্স হেণ্ডেলত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “আজি আমি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সংজ্ঞায়িত অধ্যায় ঐতিহাসিক দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। মহাত্মা গান্ধীৰ নেতৃত্বত এই যাত্ৰাত আত্মনিৰ্ভৰশীলতা আৰু স্বাধীনতাৰ বাবে দেশজুৰি আন্দোলন গঢ়ি উঠিছিল। যিসকলে অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ সকলোৰে সত্য আৰু অহিংসাৰ প্ৰতি সাহস, ত্যাগ আৰু অটল দায়বদ্ধতা আছিল।” দাণ্ডী যাত্ৰাৰ প্ৰজন্মৰ পৰা প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।”কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও দাণ্ডী যাত্ৰাৰ জয়ন্তী উপলক্ষে এক্সত পোষ্ট কৰিছে। তেওঁ এই যাত্ৰাক ঐতিহাসিক আখ্যা দিছে। তেওঁ লিখিছে, “এই দাণ্ডী যাত্ৰা দিৱসত আমি মহাত্মা গান্ধীৰ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে নিৰ্ভীক স্থিতিক সন্মান জনাইছো। তেওঁৰ ঐতিহাসিক দাণ্ডী যাত্ৰাই ভাৰতৰ স্বাধীনতা আৰু আত্মনিৰ্ভৰশীলতাৰ যুঁজখনক শক্তিশালী কৰা আন্দোলনৰ সূচনা কৰিছিল।”কংগ্ৰেছেও এক্স হেণ্ডলত দাণ্ডী যাত্ৰাৰ ৯৫ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে পোষ্ট কৰিছে। এক্সত কংগ্ৰেছে কয় যে, “আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে গুজৰাটৰ সাবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰি দাণ্ডীলৈকে বিখ্যাত দাণ্ডী যাত্ৰাৰ নেতৃত্ব দিছিল যাক লৱণ সত্যাগ্ৰহ বুলিও কোৱা হয়। এই পদযাত্ৰা স্বাধীনতা আন্দোলনৰ এক ডাঙৰ মাইলৰ খুঁটি আছিল, যিটো ভাৰতীয়সকলে সত্য আৰু অহিংসাৰ ওপৰত ভিত্তি কৰি আত্মনিৰ্ভৰশীলতা লাভ কৰাৰ প্ৰতীক আছিল।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments