Monday, May 18, 2026
HomeAssamকোনখন দেশৰ মানুহ বেছিদিন জীয়াই থাকে জানেনে?আৰু কিয়?

কোনখন দেশৰ মানুহ বেছিদিন জীয়াই থাকে জানেনে?আৰু কিয়?

JAPAN:Longtime survive country
জাপানৰ মানুহবোৰ সাধাৰণতে অন্য দেশৰ তুলনাত বেছিদিন জীয়াই থাকে!

জাপানত ২০ লাখ লোক ৯০ বছৰতকৈ অধিক বয়সৰ। ইয়াৰে ৬৯,৭৮৫ গৰাকীৰ বয়স ১০০ বছৰ বা তাতোধিক। জাপানী মানুহৰ গড় আয়ুসকাল ৮৪.২ বছৰ। পুৰুষৰ আয়ুসকাল গড়ে ৮১.১ বছৰ।পুৰুষতকৈ মহিলাৰ আয়ুসকাল বেছি ,গড়ে ৮৭.১ বছৰ।
জাপানী মানুহবোৰৰ আয়ুস বেছি হোৱা কাৰণ তেওঁলোকৰ দেহত থকা জিন নহয়,তেওঁলোকৰ খাদ্য প্ৰণালী আৰু জীৱনশৈলীৰ কিছুমান অভ্যাসহে। জাপানী মানুহবোৰে সতেজ শাক-পাচলি, ঋতুভিত্তিক ফল, অপ্ৰক্ৰিয়াজাত খাদ্য-সামগ্ৰী প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰে। যাৰ ফলত জাপানত মেদবহুলতাৰ হাৰ মাত্ৰ ৩.৬% , যিটো বিশ্বৰ ভিতৰতে নিম্নতম। তেওঁলোক সমুদ্ৰজাত আহাৰ খুবেই ভাল পায় আৰু ছাগলী/ভেড়াৰ মাংসতকৈ মাছ বেছি পৰিমাণে খায়। মাছত প্ৰাকৃতিকভাৱেই নিম্ন কলেষ্টেৰল আৰু সংপৃক্ত চৰ্বি থাকে, যিটোৱে হৃদৰোগত মৃত্যু হোৱাৰ আকাংক্ষা ৩৫%লৈ কমাই আনে। তেওঁলোক বেছি দিন জীয়াই থকা আন এটা কাৰণ হৈছে, তেওঁলোকে বহুত চাহ পান কৰে। তেওঁলোকৰ চাহত কফিতকৈ বহু বেছি এন্টিঅক্সিডেন্ট থাকে, যিবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে লগতে মাত্ৰাধিক কলেষ্টেৰলৰ পৰাও হাত সাৰিব পাৰি। জাপানী মানুহবোৰে চয়াবিন আৰু সাগৰীয় শেলাই খায়। প্ৰতিবছৰে প্ৰায় ১ টন সাগৰীয় শেলাই খায়। এনে একাপ শেলাইত ধৰক ২ৰ‌ পৰা ৯ গ্ৰামলৈ প্ৰ’টিন থাকে, লগতে প্ৰাকৃতিক আয়ডিনো থাকে, যিটো থাইৰইড নিয়ন্ত্ৰণৰ বাবে উপযোগী।
জাপানত বিশ্বৰ অন্যতম কাৰ্যক্ষম স্বাস্থ্যৰ ব্যৱস্থা আছে। স্বাস্থ্য প্ৰকৰণ খৰচৰ ৭০% চৰকাৰে বহন কৰে। কম আয়ৰ পৰিয়ালৰ বাবে অথাৎ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ চিকিৎসা খৰচৰ ৯৫% চৰকাৰে কৰে। জাপানী মানুহবোৰ দীৰ্ঘজীৱি হোৱাৰ আন এটা কাৰণ হ’ল তেওঁলোকৰ খাদ্য গ্ৰহণ নিয়ন্ত্ৰণ। তেওঁলোকে বিশ্বৰ আটাইতকৈ কম পৰিমাণে আহাৰ গ্ৰহণ কৰা হিচাপে জনা যায়। এই অভ্যাসটো দেহৰ ওজন নিয়ন্ত্ৰণ আৰু খাদ্য হোমৰ বাবে ভাল। তেওঁলোক সদায় সক্ৰিয় হৈ থাকে।প্ৰায় খোজ কাঢ়ি নাইবা চাইকেলেৰে কাম কৰিবলৈ যায়। জাপানৰ বয়সীয়াল মানুহবোৰেও ভিন্ন শাৰীৰিক কাম-কাজত লিপ্ত হৈ থাকে, যাতে শৰীৰ নিস্ক্ৰিয় হৈ নাযায়। দিনটোৰ শেষত ৮৫% জাপানী মানুহে গৰম পানীৰে গা ধুয়ে, যাৰ ফলত ঘামৰ জৰিয়তে ডিট’ক্সিফিকেশ্বন (বিষমুক্তকৰণ)হয়। পানীৰ পৰা ওলোৱা তাপে ইনফ্লেমেশ্বন কমোৱাত সহায় কৰে আৰু মানসিক চাপ দূৰ কৰাৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। জাপানত বৃদ্ধসকলক জীৱন্ত সম্পদ হিচাপে গণ্য কৰা হয়। তেওঁলোকৰ লগত অতি সন্মানজনক আচৰণ কৰা হয়, যাতে জীৱনৰ শেষৰ চোৱা সময় উপভোগ কৰাত আৰু দীৰ্ঘকাল জীয়াই থকাত সহায় কৰে।।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments