Monday, May 18, 2026
HomeHealth & Fitnessজ্বৰ ,মূৰৰ বিষৰ ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে সেৱণ কৰে নেকি?

জ্বৰ ,মূৰৰ বিষৰ ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে সেৱণ কৰে নেকি?

জ্বৰ আৰু মূৰৰ বিষ প্ৰায় মানুহে সাধাৰণতে ভূগি থকা এটা সমস্যা৷ সাধাৰণ যেন লগা এই সমস্যাটো কিন্তু কেতিয়াবা যমৰ যাতনা যেন হয়। আমি সাধাৰণতে এই বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ পেইন কিলাৰ লওঁ। কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে জ্বৰ বা মূৰৰ বিষৰ ঔষধ সেৱন হব পাৰে ভয়ানক বিপদৰ কাৰন।
স্বাস্থ্য বিশেষজ্ঞসকলে জ্বৰ আৰু মাইগ্ৰেইনৰ দৰে সাধাৰণ ৰোগৰ বাবে নিজৰ ইচ্ছামতে ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰি সেৱন কৰাৰ অভ্যাসৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। চিকিৎসকসকলৰ মতে, চিকিৎসকৰ পৰামৰ্শ অবিহনে এনে ঔষধ সেৱন কৰিলে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

পেইনকিলাৰ বা জ্বৰ কমোৱা ঔষধ সেৱনে হয়তো কিছু সময়ৰ বাবে সকাহ দিব পাৰে, কিন্তু ই মূল ৰোগৰ কাৰণ লুকুৱাই ৰাখিব পাৰে। ইয়াৰ ফলত সঠিক চিকিৎসা পোৱাত পলম হোৱাৰ লগতে যকৃতৰ ক্ষতি, বৃক্কৰ সমস্যা বা পাচনতন্ত্ৰৰ জটিলতাৰ দৰে পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞসকলে জনাইছে যে জ্বৰ আৰু মাইগ্ৰেইনৰ কাৰণ বিভিন্ন হ’ব পাৰে, যেনে সংক্ৰমণ, মানসিক চাপ বা স্নায়ুৰোগজনিত সমস্যা আৰু ইয়াৰ বাবে বিশেষ চিকিৎসাৰ প্ৰয়োজন।যদি বাৰে বাৰে এই লক্ষণ সমূহ দেখা দিয়ে সেই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈ মূল কাৰণ নিৰ্ণয় কৰাটো জৰুৰী ।পেৰাচিটেমল্ বা আইবুপ্ৰফেনৰ দৰে ঔষধৰ অত্যধিক আৰু পৰামৰ্শ অবিহনে ব্যৱহাৰ কৰিলে ঔষধৰ ওপৰত নিৰ্ভৰশীলতা আৰু দীৰ্ঘম্যাদী স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments