Monday, July 27, 2026
HomeAssamপুৱা খালী পেটত নেমু ৰস খাই নেকি? জানক ইয়াৰ ফলত কি সমস্যা...

পুৱা খালী পেটত নেমু ৰস খাই নেকি? জানক ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে…

আপুনিও খালী পেটত নেমু ৰস খাই নেকি? বহুতে ওজন কমি যোৱা, শৰীৰ বিষমুক্ত কৰা আৰু ছালৰ গ্লোৰ দৰে উপকাৰৰ বাবে মানুহে খালী পেটতে ইয়াক সেৱন কৰে।বহু মানুহে পুৱা খালী পেটত নেমু ৰস খায়। ইয়াক স্বাস্থ্যকৰ পানীয় বুলি গণ্য কৰা হয়। ওজন কমি যোৱা, শৰীৰ বিষমুক্ত কৰা আৰু ছালৰ গ্লোৰ দৰে উপকাৰৰ বাবে মানুহে খালী পেটতে ইয়াক সেৱন কৰে। নেমুত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ উপকাৰ কৰে। কিন্তু একাংশ গৱেষক আৰু বিশেষজ্ঞৰ মতে প্ৰতিদিনে খালী পেটত নেমুৰ পানী খোৱাৰ ফলত ক্ষতি হ’ব পাৰে। নেমুত চাইট্ৰিক এচিড থাকে, যাৰ পি এইচ লেভেল অতি কম। ই অম্লীয় প্ৰকৃতিৰ বাবে দীৰ্ঘদিন ধৰি খালে শৰীৰৰ পি এইচ ভাৰসাম্য, দাঁত আৰু পাচনতন্ত্ৰত প্ৰভাৱ পৰিব পাৰে। গতিকে খালী পেটত নেমু খালে কি কি সমস্যা হ’ব পাৰে তলত উল্লেখ কৰা হ’ল।খালী পেটত নেমুৰ পানী খোৱাৰ প্ৰথম প্ৰভাৱ দাঁতত দেখা যায়। নেমুত থকা এচিডে ক্ৰমান্বয়ে দাঁতৰ ইনামেল ক্ষয় কৰে, যাৰ ফলত দাঁত হালধীয়া হোৱা, সংবেদনশীলতা আৰু বিষৰ সৃষ্টি হয়।কিছুমানে নেমু গৰম পানীৰ সৈতে খায়। এনে অৱস্থাত অধিক ক্ষীপ্ৰতাৰে এই ক্ষতি হ’ব পাৰে। ইয়াৰ উপৰিও ই পেটৰ এচিডিটি বৃদ্ধি কৰিব পাৰে, যাৰ ফলত পেটৰ বিষ, এচিড ৰিফ্লাক্স আৰু গেছ গঠন হ’ব পাৰে। যিসকল লোকৰ ইতিমধ্যে গেষ্ট্ৰিক বা আলচাৰৰ সমস্যা আছে তেওঁলোকে এই ক্ষেত্ৰত ডাঙৰ সমস্যাত পৰিব পাৰে। নেমুৰ পানী সম্পূৰ্ণৰূপে ক্ষতিকাৰক নহয়, কিন্তু ইয়াক সেৱন কৰাৰ সঠিক পদ্ধতি জনা দৰকাৰ। প্ৰতিদিনে খালী পেটত নেমু ৰস খোৱা ঠিক নহয়। সপ্তাহত ২-৩ বাৰ খালে যথেষ্ঠ। লগতে সদায় পাতল কৰি অৰ্থাৎ ১ চামুচ নেমুৰ ৰস এগিলাচ পানীত মিহলাই খাব লাগে। যদি পুৱা খাব বিচাৰে তেন্তে ব্ৰেকফাষ্টৰ পিছত বা মাজৰ ভাগত খাব পাৰে। এই অভ্যাসে আপোনাৰ পেট আৰু দাঁত সুৰক্ষিত কৰিব। নেমুৰ পানী খোৱাৰ পিছত মুখ কুলকুলা কৰিব লাগে। ইয়াৰ ফলত দাঁতৰ ইনামেল এচিডৰ পৰা ৰক্ষা পৰে।যিসকল লোকৰ এচিডিটি, পিত্তৰ সমস্যা বা দাঁতৰ সংবেদনশীলতা থাকে তেওঁলোকে খালী পেটত নেমু ৰস খাব নালাগে।নেমু পানী সদায় পাতল কৰি খাব লাগে।খোৱাৰ পিছত সাধাৰণ পানীৰে মুখ ধুব লাগে।খালী পেটত খাব নালাগে।যদি আপোনাৰ দাঁতৰ স্বাস্থ্যৰ অৱনতি ঘটিছে তেন্তে খোৱা বন্ধ কৰক।যদি আপোনাৰ গেছ, এচিডিটি বা আলচাৰ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে গ্ৰহণ কৰক।নেমুৰ এচিড যাতে দাঁতৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈ নাহে তাৰ বাবে ষ্ট্ৰ ব্যৱহাৰ কৰিব লাগে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments