Thursday, May 21, 2026
HomeHealth & Fitnessছালকুৱৰীয়ে( এলোভেৰা) আমাৰ ছালখন কিদৰে সতেজ কৰি ৰাখিব, জানো আহক

ছালকুৱৰীয়ে( এলোভেৰা) আমাৰ ছালখন কিদৰে সতেজ কৰি ৰাখিব, জানো আহক

এলোভেৰাই আমাৰ ছালখন কিদৰে সতেজ কৰি ৰাখিব, জানো আহক-গ্ৰীষ্মকাল এনেকুৱা এটা বতৰ য’ত ছালৰ যত্ন লোৱাৰ প্ৰয়োজন বেছি, কাৰণ এই সময়ছোৱাত ছালৰ লগত জড়িত সমস্যা বেছিকৈ দেখা দিয়ে। যেনে- মুখত পিম্পল, খজুৱতি, ৰ’দত পোৰা, ৰুক্ষ ছাল, চকুৰ তলত হোৱা ক’লা বৃত্ত আদি।এনে পৰিস্থিতিত আমি এনে এবিধ এটা ঘৰুৱা উপায় জানিম, যাৰ দ্বাৰা আমাৰ ছাল সতেজ হৈ থাকিব-এলোভেৰা এনেকুৱা এটা উপাদান যিটো আপুনি ঘৰৰ বাৰীত সহজেই পাব। আমাৰ ছালৰ সমস্যাৰ পৰা মুক্তি পাবলৈ এলোভেৰা জেল এবিধ ঔষধ। আমি ইয়াক বহু ধৰণে ব্যৱহাৰ কৰিব পাৰো।ৰাতি শোৱাৰ পূৰ্বে মুখত এলোভেৰা জেল মালিচ কৰে, তেন্তে ই আপোনাৰ ছালখন টান কৰি তুলিব আৰু লগতে মুখৰ মিহি ৰেখাও হ্ৰাস কৰিব। ইয়াৰ বাহিৰেও মুখখন কোমল আৰু চিকচিকিয়া দেখা যাব। আনকি মইশ্ব’ৰাইজাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।এলোভেৰাক মাস্ক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। এলোভেৰাত প্ৰচুৰ পৰিমাণে ভিটামিন ই আৰু চি থাকে যিয়ে আমাৰ ছালত কলাজেন গঠনকাৰী কোষ বৃদ্ধি কৰে। মাস্ক বনাবলৈ ১ চামুচ এলোভেৰা জেল মৌৰ লগত মিহলাই লওক। ইচ্ছা কৰিলে তাত গোলাপ জেলও দিব পাৰে। এতিয়া মুখৰ পৰা ডিঙিলৈকে ভালদৰে লগাব। আৰু ২০ মিনিট ৰাখিব, তাৰ পিছত কুহুমীয়া পানীৰে ধুব।এলোভেৰা জেলে মেকআপ ৰিমুভাৰ হিচাপেও কাম কৰে। ইয়াৰ বাবে এটা বাটিত এচামুচ এলোভেৰা জেল আৰু এচামুচ অলিভ অইল মিহলাই দিব লাগিব, তাৰ পিছত কপাহৰ সহায়ত মুখত মেকআপ ৰিমুভাৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব।এলোভেৰাত প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ যৌগ থাকে, যিয়ে ছালৰ ৰং পাতল কৰে বুলি জনা যায়। মাত্ৰ ৰংযুক্ত ঠাইত এলোভেৰা জেল লগাই ৰাতিটো থৈ দিব লাগে। সপ্তাহত তিনিবাৰ এই প্ৰক্ৰিয়াটো কৰক, তাৰ ফল নিশ্চিতভাৱে দেখিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments