প্ৰতিগৰাকী ব্যক্তিৰে প্ৰিয় ফুল আৰু ফুলৰ আমোলমোল সুগন্ধি৷ ফুল বেয়া পোৱা মানুহৰ সংখ্যা হয়তো এই পৃথিৱীত বহুত কম।বকুলৰ আমোলমোল সুবাসে আমাৰ সকলোৰে প্ৰিয় নহয়নে বাৰু? কিন্তু এই ফুলটিৰ কেৱল সুবাসেই নহয়, ফুলটিৰ আছে বহুত ঔষধি গুণাগুণ।
আয়ুৰ্বেদিক ঔষধত এই ফুলৰ অধিক ব্যৱহাৰ হোৱা দেখা যায়।
এই ফুল সাধাৰণতে দাঁতৰ বিকাৰ যেনে- আলুৰ ৰক্তক্ষৰণ, পাইৰিয়া, দাঁতৰ কেৰি আৰু দুৰ্বল দাঁতৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়।
আনহাতে বুুকুল গছৰ ছালো বহু ঔষধিগুণযুক্ত এক প্ৰাকৃতিক সম্পদ।ইয়াৰ ছালৰ পৰা বিভিন্ন ৰোগৰ ঔষধ তৈয়াৰ কৰা হয়। বিশেষকৈ, বকুল গছৰ ছাল দাঁতৰ সমস্যা, ঘা, আৰু অন্যান্য শাৰীৰিক বিকাৰ দূৰ কৰাত ব্যৱহাৰ কৰা হয়।
বকুল গছৰ ছাল জ্বৰ, কাহ, আৰু পেটৰ বিষৰ দৰে সমস্যাৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, বকুল গছৰ ছালৰ পৰা তৈয়াৰ কৰা ঔষধ গৰ্ভৱতী মহিলাৰ বাবেও উপযোগী বুলি কোৱা হয়।
মুঠতে বকুল ফুল প্ৰকৃতিৰ বাবে এক উপহাৰ স্বৰূপ।

