Thursday, May 21, 2026
HomeHealth & Fitnessযোগাসন কৰিবলৈ উপযুক্ত সময় কি?

যোগাসন কৰিবলৈ উপযুক্ত সময় কি?

প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে ৰাইজৰ মাজত যোগ সম্পৰ্কে সজাগতা বিয়পাই দিয়া।যোগে ব্যক্তিক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি তোলাত সহায় কৰে। কিন্তু এই সময়ত সকলো যোগাসন সঠিক ভংগীমাত কৰা উচিত। মানুহৰ মনত এই প্ৰশ্নটো থাকে যে যোগাসন কৰাৰ সঠিক সময় কেতিয়া ! যদিও যিকোনো সময়তে পাৰি তথাপি ৰাতিপুৱা খালী পেটত যোগাসন কৰিলে স্বাস্থ্যৰ বাবে অধিক লাভজনক । কাৰণ ৰাতি শুই থকাৰ পিছত পেটটোৱে ১০ৰ পৰা ১২ ঘণ্টা জিৰণি লয় আৰু ৰাতিপুৱা সতেজ হোৱাৰ পিছত পেট খালী হয়। গতিকে ৰাতিপুৱা যোগাসন কৰিলে ভাল হ’ব।বহুতে ৰাতিপুৱা যোগাসন কৰিবলৈ সময় নাপায়। সেইবাবেই সন্ধিয়া যোগাসন কৰে। এনে পৰিস্থিতিত দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত ৩ৰ পৰা ৪ ঘণ্টাৰ ব্যৱধানৰ পিছত যোগাসন কৰাটো ভাল হ’ব। গতিকে ইয়াৰ বিশেষ যত্ন লওক। লগতে যোগাসন কৰাৰ সময়ত আৰামদায়ক কাপোৰ পিন্ধিব।বিশেষজ্ঞসকলে কয় যে আপুনি যিকোনো সময়তে লঘু ব্যায়াম কৰিব পাৰে, যাৰ ফলত পেট আৰু হাওঁফাওঁত চাপ নপৰে। কান্ধ বা ডিঙি ঘূৰোৱাৰ দৰে ব্যায়াম যিকোনো সময়তে কৰিব পাৰি।এনে বহি থাকিলেও এই কাম কৰিব পাৰি।ইয়াৰ লগতে যদি আপোনাৰ কঁকাল, ডিঙি বা শৰীৰৰ আন কোনো অংশত বিষ হয় বা কোনো চিকিৎসাজনিত অৱস্থা হয়, তেন্তে যোগাসন আৰম্ভ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। লগতে আপোনাৰ ভংগীমাৰ যত্ন লওক। কাৰণ ভুল ভংগীমাই আপোনাৰ ক্ষতি কৰিব পাৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments