সৰুৰে পৰা আমি শুনি আহিছো যে গ্ৰীষ্মকালীন ফল মানে আম, জামু আৰু কঁঠাল। গৰমৰ বতৰত মানুহে এই ফলবোৰৰ সোৱাদ ল’ব বিচাৰে। এই গৰমত কেৱল আমেই ফলৰ ৰজা নহয়, প্ৰিয় খাদ্যৰ তালিকাত জামুৰো স্থান উচ্চ।
হিম’গ্লবিনৰ মাত্ৰা বজাই ৰাখে ক’লা জামুৱে। ক’লা জামুত ভিটামিন চি আৰু আইৰণ থাকে। যাৰ ফলত তেজত হিম’গ্লবিনৰ মাত্ৰা সুস্থিৰ হৈ থাকে।হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে জামুৱে। ক’লা জামুত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। যিটো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষা কৰাৰ উপৰি ধমনীসমূহৰ কামকাজ নিয়ন্ত্ৰণ কৰে। কেৱল সেয়াই নহয়, এই ফলটোৱে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে।
দাঁতৰ বাবে ক’লা জামুৰ বিকল্প নাই। জামু পাতৰ এণ্টিবেক্টেৰিয়েল গুণ আছে। বহু লোকৰ দাতঁৰ আলুৰ পৰা তেজ ওলোৱাৰ সমস্যা হয়। ক’লা জামুৱে এই সমস্যাৰ সমাধান কৰে। ইয়াৰ উপৰি যিকোনোধৰণৰ দাঁতৰ সংক্ৰমণৰ পৰাও সুৰক্ষা প্ৰদান কৰে।চকু আৰু ছালৰ বাবেও উপকাৰী। ক’লা জামুত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি থাকে, যিবোৰ ছালৰ বাবে অতি উপকাৰী। চকুৰ স্বাস্থ্যৰ বাবেও জামু অতি ভাল।
ডায়েবেটিছ ৰোগত জামু গুটি, জামু গছৰ বাকলি ব্যৱহাৰ কৰা হয়।
ক’লা জামুৰ এণ্টিবেক্টেৰিয়েল, এণ্টিইনফেক্টিভ আৰু এণ্টি মেলেৰিয়া গুণ আছে। কেৱল সেয়াই নহয়, এই ফলত মেলিক এচিড, টেনিন, গ্যালিক এচিড, অক্সালিক এচিড আৰু বেটুলিক এচিড থাকে। যিয়ে শৰীৰক যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

