Thursday, May 21, 2026
HomeAssamআজি পিতৃ দিৱস। সন্তানৰ প্ৰতি দেউতাকৰ সমান দায়িত্ববোধ আৰু আন কাৰোৱে নাথাকে।

আজি পিতৃ দিৱস। সন্তানৰ প্ৰতি দেউতাকৰ সমান দায়িত্ববোধ আৰু আন কাৰোৱে নাথাকে।

দেউতা। ৰ’দ বতাহ বৰষুণৰ পৰা নিজৰ পৰিয়ালটোক আশ্ৰয়স্থল দিয়াজনেই হৈছে দেউতা ৷ এই পৃথিৱীৰ এনে এজন ব্যক্তি যিয়ে নিজৰ সন্তানৰ বাবে প্ৰতিখন যুদ্ধত যুঁজিবলৈ সাজু হয় । কেৱল একমাত্ৰ পিতৃয়েই নিজৰ সন্তানক নিজতকৈ ডাঙৰ মানুহ হোৱাটো বিচাৰে ।সন্তান আৰু পিতৃ মাজৰ সম্পৰ্কৰ চিন হিচাপে ইউৰোপীয় দেশ সমূহত মধ্য যুগৰে পৰা এই দিৱস পালন কৰি আহিছে । আমেৰিকা যুক্ত ৰাষ্ট্ৰত এই পিতৃ দিৱস সোনোৰা স্মাৰ্ট ডডৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ১৯১০ চনত প্ৰথম বাৰলৈ জুন মাহৰ তৃতীয় সপ্তাহৰ দেওবাৰৰ দিনটোক পিতৃ দিৱস হিচাপে পালন কৰা হৈছিল।সন্তান আৰু পিতৃৰ সম্বন্ধ প্ৰকাশ কৰাৰ নিৰ্দিষ্ট কোনো দিন নাথাকে, প্ৰত্যেক সন্তানৰ বাবেই নিজৰ পিতৃ মাতৃ সদায়ে বিশেষ আৰু প্ৰধান তেঁওলোকক সন্মান কৰিবলৈ বা তেঁওলোকক মৰম দিবলৈ এটা নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাথাকে।কিন্তু এই পিতৃ দিৱসে এজন পিতৃৰ প্ৰতি থকা সন্তানৰ মৰম প্ৰকাশ কৰিবলৈ এক সুযোগ প্ৰদান কৰে ।প্ৰত্যেক জন ব্যক্তিৰ জীৱনৰ আৰম্ভণিৰে পৰা পিতৃয়ে এক নেপথ্য ভূমিকা পালন কৰে। সন্তানৰ অসুখত যিদৰে এগৰাকী মাতৃয়ে উৰে ৰাতি সাৰে থাকি চকুলো তুকে সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এগৰাকী পিতৃয়েও বহু নিদ্ৰাহীন নিশা কটাই। মাতৃৰ মৰম আৰু স্নেহ পোহৰৰ দৰে স্পষ্ট কিন্ত পিতৃ মৰম আকাশৰ দৰে গভীৰ আৰু বিশাল য’ত লীন হৈ থাকে বহু অকথ্য আশা,আকাংক্ষা,হেঁপাহ,আশা,প্ৰত্যাশা অথচ মৌন হৈ থাকে তেঁও! ১৯০৭ চনত আমেৰিকাত পোনপ্ৰথমবাৰৰ বাবে বেচৰকাৰীভাৱে পিতৃ দিৱস পালন কৰা হৈছিল । আনহাতে আনুষ্ঠানিকভাৱে ইয়াৰ আৰম্ভণি হৈছিল ১৯১০ চনত । কিন্তু ‘পিতৃ দিৱস’ উদযাপনৰ তাৰিখ সন্দৰ্ভত বিশেষজ্ঞসকলৰ মাজত মতানৈক্য আছে । ইতিহাসবিদসকলৰ মতে, এই দিনটো আৰম্ভ কৰিছিল ছ’নোৰা স্মাৰ্ট ডডে । দৰাচলতে ছ’নোৰাৰ মাতৃৰ মৃত্যু হৈছিল সৰুতে আৰু পিতৃ উইলিয়াম স্মাৰ্টে তেওঁক মাতৃ আৰু পিতৃ দুয়োজনৰে মৰম দিছিল । কেপ্তেইন উইলিয়াম জেকচন স্মাৰ্টৰ কন্যা ছ’নোৰাই ১৯০৯ চনৰ ৫ জুনত পিতৃ দিৱস হিচাপে পিতৃৰ ত্যাগ আৰু সংগ্ৰামৰ দিৱস উদযাপন কৰে । উল্লেখ্য যে, জেকচন স্মাৰ্টৰ পত্নীৰ মৃত্যুৰ পিছত তেওঁ ছটা সন্তানৰ যত্ন আৰু ডাঙৰ-দীঘল কৰিছিল । তেতিয়া ছ’নোৰাই অনুভৱ কৰিলে যে পিতৃয়ে বহুত ত্যাগ কৰে, গতিকে মাতৃ দিৱসৰ দৰে পিতৃক সন্মান জনাই পিতৃ দিৱস পালন নকৰে কিয় । এই দিনটোত পিতৃসকলক সন্মান জনোৱাৰ বাবে ছ’নোৰাই ৫ জুনত বিশ্বজুৰি পিতৃ দিৱসক স্বীকৃতি দিবলৈ স্পকেন মন্ত্ৰী মিত্ৰজোঁটৰ ওচৰত আবেদন জনায় । ১৯২৪ চনত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে লক্ষ্য কৰি পিতৃ দিৱস আনুষ্ঠানিকভাৱে উদযাপন কৰাৰ বাবে অনুমোদন জনায় । সেয়ে ১৯৬৬ চনত প্ৰতি বছৰে জুন মাহৰ তৃতীয়টো দেওবাৰে পিতৃ দিৱসৰ আনুষ্ঠানিক বন্ধৰ দিনো ঘোষণা কৰা হয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments