বৰ্তমান উৎকট গৰমে দহিছে ৰাজ্যবাসীক সেয়ে এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে প্ৰস্তুত কৰা স্বাস্থ্য সন্মত চৰবত, শীতল পানীয় খোৱাটো শৰীৰৰ বাবে উপযোগী। অসমত ভিন্ন প্ৰকাৰৰ থলুৱা ফলমুল পোৱা যায় ৷ এই থলুৱা ফলবোৰৰ বিভিন্ন ঔষধী গুণ আছে ৷ বিশেষকৈ গৰমৰ দিনকেইটাত অসমৰ থলুৱা ফলেৰে বিশেষকৈ ভীম কল, ঔ টেঙা, নেমু, বেল, তেঁতেলী টেঙা আৰু থেকেৰাৰ চৰবত মানুহৰ পছন্দৰ পানীয় হিচাপে পৰিগণিত হৈছে। এই চৰবত বনাই খালে দেহ মন জুৰ পৰি যায় ৷ বজাৰত শীতল পানীয়ৰ চাহিদা ব্যাপকভাৱে বৃদ্ধি পাইছে ৷ এনে সময়তে ঘৰতে বহি আপুনি ঘৰৰ উপকাৰী ফলেৰে বনাই খাব পাৰিব চৰবত বিধ।এই থলুৱা সোৱাদেৰে ভৰা চৰবত বিধ হৈছে ভীম কল বা আঠীয়া কলৰ টেঙা মিঠা চৰবত ৷ এই চৰবত বিধৰ ৰেচিপি আগবঢ়াইছে ৰন্ধন বিশেষজ্ঞ পম্পী শৰ্মা খাউণ্ডে।
ঘৰতে ভীমকলৰ চৰবত বনাবলৈ বৰ বিশেষ উপকৰণৰ নালাগে। মাত্ৰা ভীমকল -৩/৪টা,ক’লা নিমখ /নিমখ – জোখ অনুপাতে,চেনি-জোখ অনুপাতে,নেমু ৰস -৪/৫ চামুচ,পানী -জোখ অনুপাতে দিলেই হৈ যাব। প্ৰথমে ভীমকল কেইটা বাকলি গুচাই চকল চকলকৈ কাটি এটা বাউলত দিব ৷লগত পানী দি ৪/৫ ঘন্টা মান সময় পানীত তিয়াই থব ৷ ইয়াৰ পিছত ভীমকল খিনি এখন হেতাৰে বা হাতেৰে ভালদৰে মোহাৰি ল’ব ৷ এতিয়া এখন চেকনিৰে ভীমকল খিনি চাকি ল’ব ৷ এতিয়া প্ৰয়োজন অনুসৰি লগত নিমখ,চেনী,নেমুৰ ৰস, এইসকলোবোৰ বস্তু ভালদৰে মিহলাই ল’ব ৷ মিলাই লোৱাৰ পিছত চৰবত খিনি পৰিৱেশন কৰিব পাৰে ৷
ভীমকলৰ চৰবত সন্দৰ্ভত ৰন্ধন বিশেষজ্ঞ পম্পী শৰ্মা খাউণ্ডে কয়, “ভীমকলৰ চৰ্বত শৰীৰ কাৰণে উপযোগী এবিধ পানীয় ৷ ভীমকলৰ চৰবতে আমাৰ পেট ঠাণ্ডা কৰি ৰাখে ৷ আৰু শৰীৰত শক্তি বঢ়াই ৷ বিশেষকৈ ভীম কলৰ চৰবত পেটৰ কাৰণে ভাল ,হজম শক্তি বৃদ্ধি কৰে,শৰীৰ ঠাণ্ডা কৰি ৰাখে ৷

