Thursday, May 21, 2026
HomeAssamতুলসী পাত মিহলি পানী খালে নিয়ন্ত্ৰণত থাকে বহু ৰোগ

তুলসী পাত মিহলি পানী খালে নিয়ন্ত্ৰণত থাকে বহু ৰোগ

তুলসী যথেষ্ট ঔষধি গুণ বিশিষ্ট এবিধ উদ্ভিদ।তুলসী প্ৰায় সকলোৰে ঘৰতে পোৱা যায়। তুলসীৰ উপকাৰী গুণ বহুত আছে। আমি সকলোৱে তুলসীৰ উপকাৰিতা সম্পৰ্কে জানো।ই বহু ৰোগৰ বাবে মহৌষধৰ কাম কৰে। বিশেষকৈ মৌৰ লগত তুলসী খালে কাহ ভাল হয় বুলি কোৱা হয়। ঠিক তেনেদৰে তুলসীৰ পাত আৰু তুলসীৰ পাতৰ ৰসে মানুহৰ বহুটো ৰোগ দূৰ কৰে।তুলসীৰ পাত নাইবা তুলসীৰ ৰস খোৱাৰ দৰেই তুলসী পাত পানীত মিহলাই খোৱাৰো আছে কিছু উপকাৰীতা।পানীৰ লগত তুলসী পাত মিহলাই খালে বহু ৰোগ আঁতৰি যায়।
তুলসী পাতত বহুতো পুষ্টিকৰ উপাদান থাকে।তুলসী পানী খালে মানুহৰ দেহ আৰু মন শান্ত হয়। ইয়াৰ ফলত মানুহৰ অত্যাধিক ষ্ট্ৰেছ দূৰ হয়। তুলসী পাতত থকা উপাদনসমূহে মানুহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বৃদ্ধি কৰে। দৈনিক তুলসী পানী খালে ইয়াত থকা যৌগসমূহে আমাৰ শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰে আৰু শৰীৰটো বিষমুক্ত কৰি তোলে।

তুলসী পানী খালে হাওঁফাওঁ চাফ হয়। ইয়াৰ ফলত হাঁপানী, কাহ আদিৰ লগতে হাওঁফাওঁজনিত ৰোগ দূৰ হয়। দৈনিক তুলসী পানী খালে মানুহে গেছ, এচিডিটি, পেট ফুলাৰ লগতে পেটৰ বহুতো ৰোগৰ পৰা সকাহ পাব পাৰি।গৰম পানীত তুলসী পাত কেইটামান দি সেইখিনি সিজাই দৈনিক ৰাতিপুৱা আৰু সন্ধিয়া খালে মানুহে নানা ৰোগৰ পৰা উপশম পাব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments