খাদ্যৰ ক্ষেত্ৰত সকলো মানুহে নিজস্বতা অটুত ৰাখে। প্ৰতিগৰাকী মানুহে খাদ্যভাষ পৃথক-পৃথক।
ছাগলীৰ মাংস অৰ্থাৎ মাটন বহুতৰে প্ৰিয় খাদ্য। ছাগলীৰ মাংস মানুহৰ শৰীৰৰ বাবে অতি উপকাৰী। গতিকে বজাৰত ইয়াৰ চাহিদা বেছি।
মাংস প্ৰেমীসকলৰ সন্মুখত যদি মাটন থাকে তেন্তে ভোকো সোনকালে লাগে আৰু কাঁহিৰ ভাত বা ৰুটি নিমিষতে শেষ হৈ যায়।
আজিকালি বহু লোকে বিভিন্ন ৰোগ বিশেষকৈ কলেষ্ট’ৰেল, ডায়েবেটিছ, ইউৰিক এচিড আদিৰ বাবে মাংস খোৱা কমাই দিছে যদিও হাজাৰ হাজাৰ খাদ্যৰ মাজত খাদ্যপ্ৰেমীৰ বাবে মাটন অতি প্ৰিয়। কিন্তু এই মাটন খোৱাৰ পিছত বহুতে অজানিতে খোৱা বহু খাদ্য শৰীৰৰ বাবে অতি বিপজ্জনক। মাটনৰ লগত এই উপাদানসমূহ সেৱন কৰিলে কেতিয়াবা খাদ্য বিষক্ৰিয়া হ’ব পাৰে।
মাটন খোৱাৰ আগতে বা পিছত গাখীৰ খাব নালাগে। কাৰণ ই পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰে আৰু শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে।মাটন খালে শৰীৰত উষ্ণতা বাঢ়ে।
ছাগলীৰ মাংস খোৱাৰ পিছত আপোনাৰ শৰীৰে মৌ খাব নালাগে। কাৰণ মাংস খোৱাৰ লগে লগে মৌ খালেও শৰীৰ উত্তাপ বাঢ়ে।
বহুতে খাদ্য খোৱাৰ পিছত চাহ খাবলৈ ভাল পায়। কিন্তু মাটন খোৱাৰ পিছত চাহ পৰাপক্ষত নাখাব ইয়াৰ ফলত হাৰ্ট এটেকৰ দৰে সমস্যা বৃদ্ধি হ’ব পাৰে।

