প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়-যেনেকৈ মানুহ মৰণশীল তেনেকৈ এই বাক্যষাৰীও চিৰসত্য৷ প্ৰেম চুৰৰো হয়,পুলিচৰো হয়, নায়ক-নায়িকা,ধনী-দুখীয়া, উচ্চনীচ সকলোৰে প্ৰেম হয়৷ এইয়া বেলি পশ্চিম ফালে উদয় হ’য় কথাষাৰৰ দৰে সত্য নহয় বুলি কোৱাজনহে অসত্য৷ প্ৰেমে কোনো বাধা নামানে, প্ৰেমে আকাশৰ সীমনাও চুৱে৷ প্ৰেমৰ বাবে ক’ত যে কি নহয়! মানুহে জীৱন দিবলৈও সাজু থাকে এই প্ৰেমৰ বাবেই৷ কাকপথাৰ থানাৰ অ’চি মানসজ্যোতি চহৰীয়াৰো প্ৰেম হ’ল৷ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হ’ল বুলিয়েই প্ৰেম নহ’বনে? কৈছোয়েই দেখোন প্ৰেম হৈ যায়৷ পিছে অ’চি ছাৰৰ প্ৰেম কাৰ লগত হ’ল জানেনে? থানাত গোচৰ দিবলৈ অহা আইনৰ ছাত্ৰী “সাগৰিকা বৰুৱা”ৰ সৈতে৷ ছাৰ ছাৰ বুলি সম্বোধন ধৰা সাগৰিকাই অ’চি মানসৰ বুকুৰ ল’কাপত অজানিতে সোমাই পৰিল৷ য’ৰপৰা সাগৰিকা উলাই অহা ৰাস্তাই বন্ধ কৰি দিলে মানসে৷ গৃহৰক্ষী জোৱানক কি বুলি ক’ব সাগৰিকাক মুকলাই দিবলৈ? পাকঘৰৰ আচবাব বোৰৰ সৈতে চিনাকি কৰাই দিবলৈহে আদেশ দিলে গৃহৰক্ষী মাংৰাক৷ ৰ’ব কাহিনী এতিয়াও শেষ হোৱা নাই৷ এই সাগৰিকা আচলতে কোন জানেনে? জানিবলৈ পঢ়ক উপন্যাসিকা মৌচুমী ঘোঁৰাচোৱাৰ উপন্যাস “সাগৰিকা বৰুৱা”৷

