Saturday, July 25, 2026
HomeAssamকঁঠাল গুটিৰ বহুতো উপকাৰী গুণ আছে

কঁঠাল গুটিৰ বহুতো উপকাৰী গুণ আছে

কঁঠাল বুলি কলেই অন্য এক সোৱাদৰ কথা মনলৈ আহে। গৰমৰ দিন অৰ্থাৎ আহাৰ মাহ মানেই আম কঁঠালৰ দিন৷ এনেহেন বতৰত অসমৰ মাটিতে হোৱা আমাৰ চিনাকি ফলবিধনো নোখোৱাকৈ থাকিব পাৰিনে? প্ৰায়ভাগ মানুহৰে প্ৰিয় কঁঠাল। গাঁও চহৰ বুলি কথা নাই, সকলোৱে ঘৰতেই এতিয়া কঠালৰ ফুৰফুৰীয়া গোন্ধ৷ গাঁৱৰ প্ৰায় মানুহৰ ঘৰতে কঁঠাল গছ আছেইউ। গৰমৰ দিনকেইটাত বজাৰতো কঁঠালে বেচ সমাদৰ লাভ কৰিছে। এতিয়া কঁঠাল পকাৰ সময়,কঁঠাল খোৱাৰ সময়। কঁঠালৰ লগতে কঁঠালৰ গুটিয়ো মানুহৰ প্ৰিয়। কঁঠাল খোৱা পিছত গুটিবোৰ ভালকৈ পানীত ধুই ৰ’দত শুকুৱাই থোৱা নিয়মটো আমাৰ সকলোৰে পুৰণি৷ এই কঁঠাল গুটি সমূহ সোৱাদ অনুসৰি বিভিন্ন প্ৰকাৰে ৰান্ধি খাব পাৰি। বিশেষকৈ বইল কৰি পিটিকি বা দাইলত দি৷ উফ নক’ব’ আৰু ইয়াৰ সোৱাদৰ কথা৷

কঁঠালগুটি এক পুষ্টিকৰ খাদ্য যিয়ে আমাৰ সকলোৰে শৰীৰৰ যতন লয়।পেটৰ সমস্যা থকা ৰোগীয়ে কঁঠালগুটি খাব পাৰে।কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগ আদি ৰোগৰ বাবে কঁঠালগুটি অতি উপকাৰী। কঁঠালৰ দৰে ইয়াৰ গুটিবোৰো ভিটামিন এ থাকে যাৰ বাবে কঁঠাল অথবা কঁঠাল গুটি খালে মানুহৰ দৃষ্টিশক্তি ভালে ৰখাত সহায় কৰে। চকুৰ সমস্যাত থকা মানুহে কঁঠাল গুটি খোৱাটো ভাল।

কঠালগুটি সেৱন কৰিলে মানুহৰ ৰক্তহীনতা দূৰ হয়।কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে যিয়ে আমাৰ শৰীৰত হিম’গ্লবিন উৎপাদনত সহায় কৰে। ইয়াৰ উপৰিও কঁঠাল গুটিয়ে পুৰুষ মহিলা উভয়ৰে যৌন ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।শাৰীৰিক সুস্বাস্থ্যৰ লগতে আমাৰ মানসিক সুস্বাস্থ্যৰ বাবেও ই উপকাৰী বুলিব পাৰি। কঁঠাল গুটিয়ে কিছু পৰিমাণে ষ্ট্ৰেছ কম কৰাতো সহায় কৰে । ছালৰ বিভিন্ন সমস্যাৰ বাবেও কঁঠাল গুটি উপকাৰী। শুকান ৰুক্ষ ছালৰ সমস্যা দূৰ কৰে কঁঠাল গুটিয়ে। ইয়াৰ উপৰিও বসন্ত ৰোগ হোৱাৰ পিছত ছালত ৰৈ যোৱা দাগবোৰ কঁঠাল গুটি খালে লাহে লাহে নোহোৱা হৈ যায়। কেলচিয়াম, মেগনেছিয়াম আদি থকাৰ বাবে কঁঠালগুটিয়ে মানুহৰ হাড়ৰ গঠন মজবুত কৰে, মাংসপেশী সবল কৰে। বহুত মানুহে কঁঠালতকৈ ইয়াৰ গুটিহে বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই খায় ভাল পায়। কঁঠাল গুটি বহুতে আচাৰ হিচাপেও সংৰক্ষণ কৰি ৰাখে।ইচ্ছা কৰিলে কঠালৰ গুটি ৰ’দত শুকুৱাই তাৰ পৰা শুকান পাউডাৰ বনাই ইয়াৰ পিচত চালাড বা ফলৰ ওপৰত ছটিয়াই খাব পাৰি। মুঠৰ ওপৰত কঁঠাল আৰু কঁঠালগুটিৰ উপকাৰিতা গুণ বহুত বেছি

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments