Thursday, May 21, 2026
HomeIndiaRepublic Ne Update: বিকল্প শক্তিৰ সন্ধানত। দেশত আৰম্ভ সৌৰশক্তি প্ৰকল্প

Republic Ne Update: বিকল্প শক্তিৰ সন্ধানত। দেশত আৰম্ভ সৌৰশক্তি প্ৰকল্প

ভাৰতে আৰম্ভ কৰিছে সৌৰশক্তি বিপ্লৱ। প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ আঁচনিৰ জৰিয়তে ১০ লাখ ঘৰত সৌৰশক্তি স্থাপন কৰা হৈছে। বৃহস্পতিবাৰে প্ৰকাশ পোৱা এক বিবৃতি অনুসৰি, ১০ মাৰ্চলৈকে ১০ লাখ ঘৰ সৌৰশক্তিৰ দ্বাৰা চালিত হৈ বিশ্বৰ সৰ্ববৃহৎ ঘৰুৱা ছাদৰ ওপৰত সৌৰশক্তি স্থাপন হোৱা পদক্ষেপ হিচাপে ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে।দেশৰ কেইবাখনো ৰাজ্যই এই আঁচনি ৰূপায়ণৰ কৰিছে। চণ্ডীগড় আৰু দমন এণ্ড ডিউৱে চৰকাৰী ভৱনৰ বাবে ছাদৰ ওপৰৰ সৌৰশক্তিৰ লক্ষ্যৰ ১০০% লাভ কৰিছে। আনহাতে ৰাজস্থান, মহাৰাষ্ট্ৰ, গুজৰাট, আৰু তামিলনাডুৱে সৌৰশক্তি স্থাপনৰ পৰিসংখ্যাত যথেষ্ট অৰিহণা যোগাইছে। চৰকাৰে ২০২৬-২৭ চনৰ ভিতৰত ১ কোটি পৰিয়ালত সৌৰশক্তি চালিত কৰাৰ লক্ষ্য ৰাখিছে। সূৰ্য্যঘৰ আঁচনি সময়মতে কাৰ্যকৰী কৰাটো নিশ্চিত কৰিবলৈ সকলো ৰাজ্যতে অগ্ৰগতি নিৰীক্ষণ কৰি থকা হৈছে।শীৰ্ষস্থানত থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে গুজৰাট। এই আঁচনিৰ জৰিয়তে গুজৰাটৰ৩,৫১,২৭৩টা পৰিয়ালে লাভৱান হৈছে। ইয়াৰ পিছতে কেৰালাত ৬৫,৪২৩টা পৰিয়াল (৭.৭৩%), উত্তৰ প্ৰদেশত ৭৩,৬০২টা পৰিয়াল (৮.৬৯%)ত এই আঁচনিৰ কাম কৰা হৈছে।উল্লেখযোগ্য যে, ২০২৪ চনৰ ১৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এই আঁচনিখনে ভাৰতৰ শক্তিখণ্ডক ৰূপান্তৰিত কৰিছে। ৪৭.৩ লাখ আৱেদনকাৰীৰ আৱেদন লাভ কৰাৰ লগে লগে চৰকাৰে ৫০ লাখ টকা প্ৰদান কৰিছে। ৬.১৩ লাখ হিতাধিকাৰীক ৪,৭৭০ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰি ভাৰতীয় পৰিয়াললৈ সৌৰশক্তি অধিক সুলভ কৰি তুলিছে চৰকাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments