এক গাৰ নোম শিয়ৰি উঠা ঘটনা টংলাত হাঁহৰ মাংসৰ বাবেই গুলীচালনাৰ ঘটনা। সামান্য কথাতে ওদালগুৰিত গুলীচালনা এজনৰ।টংলাৰ ঘুনিখাতত চাঞ্চল্যকৰ ঘটনা। গোলাপ বড়ো নামৰ এজনে গুলীয়ালে ৰেৱ বৰা নামৰ এজনক।গোলাপ বড়োয়ে হাতীবান্ধাৰ ৰেব বড়োক খানা খাবৰ বাবে হাঁহৰ মাংস বনোৱাৰ কথা কৈছিল। ৰেৱ বড়োৱে নোৱাৰো বুলি কোৱাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।তাৰ পাছতে গোলাপ বড়োয়ে নিজৰ লগত থকা অবৈধ মাৰনাস্ত্ৰৰে ৰেব বড়োৰ ভৰিত গুলী কৰে।তাৰ পাছতে স্থানীয় ৰাইজে গোলাপ বড়োক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধায় কলাইগাঁও আৰক্ষীৰ হাতত চমজায় দিয়ে। বৰ্তমান ৰেব বড়োক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

