Monday, May 18, 2026
HomeHealth & Fitnessসঘনাই চৰ্দি-কাহ হৈ থাকে নেকি?

সঘনাই চৰ্দি-কাহ হৈ থাকে নেকি?

শৰীৰ সুস্থ কৰি ৰাখিবলৈ শৰীৰৰ বাবে পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। সুস্থ শৰীৰৰ বাবে জিংক অতি গুৰুত্বপূৰ্ণ। শৰীৰত জিংকৰ অভাৱ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে।

চৰ্দি আৰু কাহ এক সাধাৰণ বেমাৰ। সাধাৰণতে বতৰৰ পৰিৱৰ্তন হ'লে এই বেমাৰে দেখা দিয়ে। কিছুদিনৰ পিছত এই বেমাৰ ঠিক হৈ যায়। কিন্তু যদিহে এই সমস্যা বাৰে বাৰে হৈছে তেন্তে সাৱধান। শৰীৰত কিছুমান বস্তুৰ অভাৱ হ'লে সুঘনাই হ'ব পাৰে এই ৰোগ। বিশেষকৈ শৰীৰত জিংকৰ অভাৱ হ'লে শৰীৰে এই সাধাৰণ ৰোগ বিধকো সহ্য কৰিব নোৱাৰে।

চৰ্দি আৰু কাহ ভাইৰাছৰ দ্বাৰা হয়। যাৰ ফলত ডিঙিৰ বিষ, কাহ, হাঁচি আৰু নাকৰ পানী ওলোৱা আদি সমস্যাৰ সৃষ্টি হয়। চৰ্দি আৰু কাহ সাধাৰণতে ৭ ৰ পৰা ১০ দিনৰ ভিতৰত ভাল হৈ যায়। চৰ্দি আৰু কাহ দীৰ্ঘদিন ধৰি থাকিলে বা বাৰে বাৰে হয় তেন্তে সাৱধান হোৱা উচিত। ই শৰীৰৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ লক্ষণ হ’ব পাৰে।জিংক শৰীৰত পোৱা অন্যতম গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ। ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু নিৰাময় কৰে। শৰীৰত উপস্থিত থকা টি কোষবোৰে বেক্টেৰিয়া বা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু জিংকে এই কোষবোৰ গঠনত সহায় কৰে। জিংকৰ অভাৱৰ বাবে এই কোষবোৰে সঠিকভাৱে কাম কৰিব নোৱাৰে। এনে ক্ষেত্ৰত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। জিংকৰ অভাৱ হ’লে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণবোৰ-

সঘনাই চৰ্দি আৰু অন্যান্য সংক্ৰমণ
কোনো ৰোগত আক্ৰান্ত হলে লাহে লাহে আৰোগ্য হোৱা বা দীৰ্ঘদিন ধৰি স্থায়ী হোৱা
ঘাঁ ভাল হোৱাক অধিক সময় লগা
চুলি সৰা আৰু ছালৰ সমস্যা
সোৱাদ আৰু গোন্ধ চিনি পোৱাৰ ক্ষমতা কমি যায়
ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু চৰ্দি আদি।

দীৰ্ঘদিন ধৰি চৰ্দি থাকিলে শৰীৰত জিংকৰ অভাৱৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত সুষম খাদ্যৰ জৰিয়তে জিংকৰ অভাৱ পূৰণ কৰিব পাৰি। ইয়াৰোপৰি জীৱনশৈলী উন্নত কৰাও দৰকাৰ। কিন্তু তাৰ পাছতো যদি সমস্যা হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। জিংকৰ অভাৱ দূৰ কৰাৰ কিছুমান উপায়-

জিংক সমৃদ্ধ খাদ্য গ্ৰহণ কৰা উচিত। কাজু, আলমণ্ড, মাংস, মাছ, গাখীৰ, কণী আদি খাদ্য খাব লাগে। ইয়াৰ দ্বাৰা জিংকৰ অভাৱ দূৰ হোৱাত সহায় হব।
নেমু, কমলাৰ দৰে ভিটামিন চি সমৃদ্ধ বস্তু খাব পাৰে। ইয়াৰোপৰি পুৱাৰ ৰদত বহি ভিটামিন ডিৰ অভাৱ দূৰ কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি যাব লাগে। মানসিক চাপ কম কৰাৰ চেষ্টা কৰক।
যদি সঘনাই সমস্যা হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments