Monday, July 27, 2026
HomeAssamজুলাই মাহৰ শেষৰটো সপ্তাহ অৰ্থাৎ শাওনৰ আৰম্ভণিটো ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভক্ষণ

জুলাই মাহৰ শেষৰটো সপ্তাহ অৰ্থাৎ শাওনৰ আৰম্ভণিটো ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভক্ষণ

জ্যোতিষৰ দৃষ্টিকোণৰ পৰা জুলাই মাহৰ শেষৰফালে অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। জুলাই মাহত কেইবাটাও গ্ৰহৰ অৱস্থান সলনি হৈছে। গ্ৰহৰ পৰিবৰ্তনৰ প্ৰত্যক্ষ প্ৰভাৱ বিভিন্ন ৰাশিৰ লোকৰ ওপৰত পৰে।
কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰহৰ অৱস্থানৰ পৰিৱৰ্তনৰ বাবে কিছুমান ৰাশিৰ জাতক-জাতিকা লাভৱান হ’বলৈ গৈ আছে। জ্যোতিষৰ মতে জুলাই মাহত ৫টা ৰাশিৰ হ’ব জয়জয় ময়ময়।

মেষ ৰাশিঃ মেষ ৰাশিৰ লোকৰ বাবে জুলাই মাহটো ভাল হ’ব। চাকৰি আৰু ব্যৱসায় সলনি কৰাৰ ইচ্ছা পূৰণ হ’ব পাৰে। উন্নতিৰ সম্ভাৱনাও আছে। আবদ্ধ ধন উপলভ্য হ’ব, যাৰ ফলত বেংকৰ ধন বৃদ্ধি পাব। পৰিয়ালটোত এক সুখৰ পৰিবেশ সৃষ্টি হ’ব।

বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবেও জুলাই মাহটো ইতিবাচক হ’বলৈ গৈ আছে। বহু পুৰণি কামনা পূৰণ হ’ব। আয়ৰ ব্যাপক বৃদ্ধি হ’ব৷ বহুদিনৰ পৰা অপেক্ষা কৰি থকা পদোন্নতি পাব। অবিবাহিত জাতক-জাতিকাৰ বিবাহ হ’ব পাৰে। আপোনাৰ জীৱনলৈ আহিব সুখ আৰু সমৃদ্ধি।

তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে জুলাই মাহটো বহু দিশত গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। অগ্ৰগতিৰ সম্ভাৱনা আছে। কামৰ শলাগ লোৱা হ’ব। ব্যৱসায় ভালদৰে চলিব। এটা গুৰুত্বপূৰ্ণ চুক্তি হ’ব পাৰে। আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। জীৱন সংগীৰ সৈতে সম্পৰ্ক ভাল হ’ব।

ধনু ৰাশিঃ জুলাই মাহত ধনু ৰাশিৰ জাতক-জাতিকাৰ বাবে অতি লাভজনক হ’ব। শিক্ষা বা কেৰিয়াৰৰ বাবে বহিঃৰাজ্যলৈ যাব খোজা সকলে এটা ভাল খবৰ পাব পাৰে। নতুন উৎসৰ পৰা আয় হ’ব। অবিবাহিত লোকেও বিবাহ বা এংগেজমেণ্টৰ দৰে শুভ কাম পাব পাৰে।

কুম্ভ ৰাশিঃ জুলাই মাহত কুম্ভ ৰাশিৰ লোকৰ বাবে আশা কৰাতকৈ ভাল সময় আহি আছে। শক্তিশালী অগ্ৰগতিৰ সম্ভাৱনা আছে। হাতত ধন-সম্পত্তি আহিব। অতিৰিক্ত আয়ৰ সৃষ্টি হ’ব পাৰে। সম্পৰ্কবোৰ মজবুত হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments