Thursday, May 21, 2026
HomeIndiaRepublic Ne Update: সংসদত মহাকুম্ভ বিতৰ্ক ৩ কোটি উপাৰ্জন, মৃতকৰ হিচাপ নাপালে...

Republic Ne Update: সংসদত মহাকুম্ভ বিতৰ্ক ৩ কোটি উপাৰ্জন, মৃতকৰ হিচাপ নাপালে যোগী চৰকাৰে

সংসদত মহাকুম্ভ বিতৰ্ক ৩ কোটি উপাৰ্জন, মৃতকৰ হিচাপ নাপালে যোগী চৰকাৰে

চলিত বছৰৰ জানুৱাৰীৰ ১৩ তাৰিখৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজৰ মহাকুম্ভলৈ আগমণ ঘটিছিল ৬৬ কোটি ভক্তৰ। মহা কুম্ভ মেলাৰ পৰা যোগী চৰকাৰে উপাৰ্জন কৰিলে ৩ লাখ কোটি টকা। চৰকাৰী ভাৱে এই তথ্য উল্লেখ আছে যদিও মহাকুম্ভত পদপিষ্ট হোৱাৰ ঘটনাত প্ৰকৃততে কিমান মানুহৰ মৃত্যু হৈছিল সেই তথ্য কিন্তু চৰকাৰৰ হাতত নাই। লোকসভাত প্ৰয়াগৰাজৰ মহাকুম্ভৰ পদপিষ্টৰ ঘটনাৰ সন্দৰ্ভত উত্থাপন কৰা এক প্ৰশ্নত চৰকাৰৰ হাতত এই সন্দৰ্ভত কোনো তথ্য নাই বুলি উল্লেখ কৰা বিষয়টোৱে চৰকাৰী পক্ষৰ চৰম দায়িত্বহীনতাই নহয়, সাধাৰণ মানুহৰ জীৱনৰ মূল্য নোহোৱা কৰাৰো অভিযোগ উত্থাপন কৰিছে।মহাকুম্ভত ভি আই পি সংস্কৃতিক অধিক প্ৰাধান্য দিয়াৰ বিপৰীতে সাধাৰণ ভক্তৰ বাবে সঠিক ব্যৱস্থা নকৰাত চৰম বিশৃংখলতাৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছিল। এনে অভিযোগৰ মাজতে পদপিষ্টৰ এক ঘটনা সংঘটিত হৈছিল। এই ঘটনাত মৃত্যু হৈছিল বহু লোকৰ।এই ঘটনাৰ পাছতে যোগী চৰকাৰৰ গাফিলতিৰ লগতে মৃতকৰ তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈ আহিছে। শেহতীয়াকৈ লোকসভাতো এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। এই প্ৰশ্নত কেন্দ্ৰীয় চৰকাৰে লিখিত উত্তৰত জনাইছে, তেওঁলোকৰ হাতত কোনো তথ্য নাই।মঙলবাৰে সংসদত কংগ্ৰেছৰ সাংসদ কে চি বেনুগোপাল আৰু কে নামদেৱে লিখিত প্ৰশ্নত জানিব বিচাৰিছিল মহাকুম্ভৰ সময়ত হোৱা পদপিষ্টৰ ঘটনাত কিমানজন লোকৰ মৃত্যু হৈছিল? কিমান জন লোক আহত হৈছিল? এই দুৰ্ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে? এনে প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে জনাই যে, “ধৰ্মীয় অনুষ্ঠানৰ আয়োজন, ভিৰ ব্যৱস্থাপনা, ভক্তৰ বাবে সুবিধা প্ৰদান কৰা আৰু যিকোনো দুৰ্যোগৰ সৈতে মোকাবিলা কৰাটো সম্পূৰ্ণৰূপে সংশ্লিষ্ট ৰাজ্যৰ আইন-শৃংখলাৰ বিষয়। ৰাজ্যত এনে ঘটনা সংঘটিত হ’লে ৰাজ্য চৰকাৰৰ তদন্ত কৰি মৃত আৰু আহতক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কৰ্তৃত্ব থাকে। কেন্দ্ৰই এই সন্দৰ্ভত কোনো তথ্য সংৰক্ষণ নকৰে। ফলত কেন্দ্ৰৰ হাতত এনে কোনো তথ্য নাই।এইদৰেই কেন্দ্ৰই যোগী চৰকাৰলৈ বিষয়টো এৰি দিলে যদিও অৱশ্যে প্ৰধানমন্ত্ৰী মোডীয়ে মহাকুম্ভৰ সাফল্যৰ সন্দৰ্ভত বহু ব্যাখ্যা কৰিলে। অৱশ্যে তেওঁ পদপিষ্টত মৃত্যু হোৱা ভক্তৰ বিষয়টো সম্পূৰ্ণ ৰূপে এৰি চলিলে।প্ৰধানমন্ত্ৰী মোডীয়ে কয়,”মহাকুম্ভৰ পৰা আমি ঐক্যৰ অমৃত পাইছো। দেশৰ বিভিন্ন ঠাইৰ পৰা মানুহ একত্ৰিত হৈছে প্ৰয়াগৰাজৰ তীৰ্থস্থানত।’মই’ৰ পৰা তেওঁলোক ‘আমি’ত একত্ৰিত হৈছে। মহাকুম্ভ ঐক্যৰ এক অনন্য নিদৰ্শন হৈ পৰিল।” সমগ্ৰ বিশ্বতে মহাকুম্ভই বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এক উজ্জ্বল ছবি দাঙি ধৰিলে। সমগ্ৰ বিশ্বই মহাকুম্ভৰ জৰিয়তে ভাৰতৰ মহত্ত্ব দেখিলে।”প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে মহাকুম্ভ মেলাৰ গুণগান কৰিলে যদিও মৃতকৰ সন্দৰ্ভত এটা শব্দও উল্লেখ নকৰাত বিৰোধীয়ে ইয়াৰ সমালোচনা কৰিছে। উত্তাল হৈ পৰে সংসদ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments