Thursday, May 21, 2026
HomeAssamবিদ্যুৎ বিল পৰিশোধ নকৰাৰ বাবেই সন্তানে মৰিয়ালে পিতৃ-মাতৃক৷

বিদ্যুৎ বিল পৰিশোধ নকৰাৰ বাবেই সন্তানে মৰিয়ালে পিতৃ-মাতৃক৷

সন্তানে পিতৃ-মাতৃক মাৰপিট কৰি আহত কৰা এই ঘটনা মৈৰাবাৰীৰ লেংৰীবৰী গাৱঁত৷ আচলতে কোন দিশে গতি কৰিছো আমি? কোনো ভয় শংকা নাইকিয়া ,পিতৃ-মাতৃকো মাৰপিট কৰিবলৈ কোণ্ঠাবোধ নকৰাকৈ আমাৰ সমাজখন আচলতে কোনদিশে গতি কৰিছে? সম্পৰ্কবোৰত কিয় ঘূণে ধৰিছে আজিৰ সমাজত?পিতৃ ফকৰ উদ্দীন আৰু মাতৃ ছাহিদা খাতুনক বাহাৰুল ইছলাম নামৰ উদণ্ড পুত্ৰই বিদ্যুৎ বিল নিদিয়াৰ বাবেই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা বুলি অভিযোগ পিতৃ-মাতৃৰ। আহত পিতৃ মাতৃয়ে মৈৰাবাৰী আৰক্ষী থানাত সন্তান বাহাৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।ইপিনে অভিযুক্ত বাহাৰুল ইছলামৰ মতে ঘৰৰ ওচৰতে অৱস্থিত এটি পুখুৰীক কেন্দ্ৰ কৰি পৰিয়ালটোৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । একেটা পৰিয়ালৰ উভয় পক্ষৰ টছলিমা খাতুন, হাঁচিনা খাতুন আৰু জুছনাৰা বেগম গুৰুতৰ বাবে আহত। ঘটনাটোৱে বৰ্তমান অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments