Monday, July 27, 2026
HomeAssamREPUBLIC NE UPDATE: প্ৰকাণ্ড গছ বাগৰি এটি কণমানি থিতাতে নিহত৷ দুজনৰ অৱস্থা...

REPUBLIC NE UPDATE: প্ৰকাণ্ড গছ বাগৰি এটি কণমানি থিতাতে নিহত৷ দুজনৰ অৱস্থা সংকট জনক৷

গাৰোডুবিত সংঘটিত হৈছে এক কৰুণ ঘটনা৷ হঠাৎ অহা ধুমুহাৰ ফলত চলন্ত বাইকত এজোপা বটগছ পৰি এটি নাবালক থিতাতে মৃত্যু হয়, দুজন গুৰুতৰভাৱে আহত। ১০ এপ্ৰিল : আজি পুৱা প্ৰায় ১১ বজাত গাৰোডুবি গাঁৱত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়, দুটি কণমানিৰ সৈতে মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকা সময়তে চলন্ত মটৰ চাইকেল খনৰ ওপৰত আধা কটা বট গছ এজোপা বাগৰি পৰে। অঞ্চলটোত হঠাতে হুৱাদুৱা লাগে৷ গাৰোডুবি মাদ্ৰাছাৰ সন্মুখত সংঘটিত হয় এই ঘটনা৷ আব্দুল হাকিম হাজী (৬৪) কিশোৰ মাৰুফ (প্ৰায় ১৩ বছৰীয়া) আৰু এটা নাবালক শিশুৰ বয়স প্ৰায় ৫ৰ পৰা ৬ বছৰ বুলি অনুমান কৰা হৈছে। আত্মীয়-স্বজনক সাক্ষাৎ কৰি ভৰালীগাঁৱৰ পৰা গাৰোডুবিলৈ ঘৰলৈ উভতি আহিছিল বুলি জানিব পৰা গৈছে। দুখৰ বিষয় যে কণমানি এটিৰ থিতাতে মৃত্যু হয়। আব্দুল হাকিম হাজী আৰু মাৰুফ গুৰুতৰভাৱে আহত হয়৷ আহত দুইজনকে ততাতৈয়াকৈ মেডিকেললৈ প্ৰেৰণ কৰা হয়৷ আহত প্ৰায় ১৩ বছৰীয়া মাৰুফৰ নাড়ীভুৰ ওলাই আহে৷ সংকটজনক অৱস্থাত বৰ্তমান জীৱনমৃত্যুৰে মেডিকেলত যুঁজ দি আছে মাৰুফে ৷ স্থানীয় বাসিন্দা আৰু পথচাৰীৰ সহযোগত পথচোৱা মুকলি কৰা হয় আৰু চিকিৎসকৰ দল অহাৰ পূৰ্বেই আহত কেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিভাগীয় কৰ্তৃপক্ষই এই ঘটনাৰ তদন্ত কৰি বিপজ্জনক গছজোপাৰ বিষয়ে পূৰ্বৰ সতৰ্কবাণী জাৰি কৰা হৈছিল নে আওকাণ কৰা হৈছিল সেই বিষয়ে তদন্ত কৰি আছে। এই কাণ্ডই গাৰোডুবি অঞ্চলত শোকৰ ছাঁ পেলাইছে, কণমানি শিশুটিক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল বৰ্গ লগতে অঞ্চলবাসী৷ লগতে আহত ব্যক্তি দুজনৰ আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments