Monday, July 27, 2026
HomeAssamRepublic Ne Update: *সৰল ভাষাৰে বুজো আহক ভুইকপবোৰ কিয় হয়!!*

Republic Ne Update: *সৰল ভাষাৰে বুজো আহক ভুইকপবোৰ কিয় হয়!!*

🔸ম্যানমাৰৰ ৰাজধানী নেপিড”ৰ পৰা এশ কিলোমিটাৰ উত্তৰ পশ্চিমৰ মান্দালাত হোৱা ভূমিকম্পৰ প্ৰাবল্য ইমান ভয়ানক আৰু ধ্বংসাত্মক আছিল যে নেপিড’ৰ পৰা 900 কিলোমিটাৰ দূৰৈত থকা বেংককৰ গগন চুম্বি অট্টালিকা তাচপাতৰ দৰে চকুৰ পলকতে ভাঙি চুচুৰমাৰ হৈ পৰে। ভূমিকম্পত সৃষ্টি হোৱা ভূমিৰ হেন্দুলনিও ইমানেই তীব্ৰ আছিল যে ইৰাৱাতী নৈৰ ওপৰত আজিৰ পৰা 91 বছৰৰ আগেয়ে ব্ৰিটিছে নিৰ্মাণ কৰা সুদৃশ্য দীঘল লোৰ দলংখন কেই ছেকেণ্ডমানতেই নদীৰ বুকুত খহি পৰে। অথচ ১৯৫০ চনৰ ১৫ আগষ্টত অহা ভয়াবহ ভূমিকম্পত এইখন দলঙৰ সামান্যতমো ক্ষতি হোৱা নাছিল। 🔸কালি অৰ্থাৎ ২৮ মাৰ্চত সংঘটিত ভূমিকম্পত ম্যানমাৰৰ মান্দালয়, চাগাইং, নেপিটাও, নেপিড’ বাগো আৰু দক্ষিণ চান প্ৰদেশত ব্যাপক ক্ষয় ক্ষতি হোৱা বুলি ৰেড ক্ৰচৰ সূত্ৰই প্ৰকাশ কৰিছে। ম্যানমাৰ সামৰিক শাসকৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভূমিকঁম্পৰ এপি চেন্টাৰ মাণ্ডালয়ত প্ৰায় ৭০০ লোকৰ আৰু নেপিড’ ত ৭৫ জন লোকৰ প্ৰাণহানি হৈছে। হস্পিটেল সমূহ এতিয়া আহঁত লোকেৰে ভৰি পৰা বুলি ৰেড ক্ৰছৰ সূত্ৰই প্ৰকাশ কৰিছে। 🔸অবশ্যে দক্ষিণ পূৱ এচিয়া বা হিমালয়ান বেল্টত এইটোৱেই এক মাত্ৰ ডাঙৰ ভূমিকম্প নহয় । ইয়াৰ পূৰ্বেও এই অঞ্চল বিলাকত ভূমানচিত্ৰ সলনি কৰি দিয়াবহু কেইটা বৰ ভুঁইকপ হৈ যোৱাৰ ইতিহাস আছে। 🔸১৮৯৭ ৰ ১২ জুনত অসম, চিলঙত হোৱা ৮.১ প্ৰাবল্যৰ ভূমিকম্পত ১৫৪২ জনৰ মৃত্যু হৈছিল।🔸 ১৯৫০ৰ ১৫ আগষ্ট ভাৰত তিব্বত সীমাত হোৱা ৮.৬ তীব্ৰতাৰ ভূমিকম্পত অসমৰ ভৌগোলিক ৰূপ ৰেখা বহু পৰিমাণে সলনি হৈ গৈছিল। নদ নদীৰ গতিয়ে সলাই পেলাইছিল যুগ যুগ ধৰি প্ৰবাহিত হৈ অহা নিজা স্বাভাৱিক পথ।🔸একেদৰে ২০০৪ চনৰ ১৬ জুনত সুমাত্ৰা উপকূলত হোৱা ভূমিকম্প আৰু ইয়াৰ পাছত অহা ভয়াবহ চুনামিয়ে প্ৰায় ২লাখ ৩০ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিয়ে। 🔸সৌ সিদিনা অৰ্থাৎ ২০১৫ চনৰ ২৫ এপ্ৰিলত নেপালত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্প আৰু ইয়াৰ ধ্বংসলীলাৰ কথা কোনেও পাহৰা নাই। 🔸এতিয়া কথা হল এই ভূমিকঁম্প সমূহ হয় কিয়? যুগে যুগে কিয় আমি আতংকিত হৈ আহিব লগা হৈছে অনিয়ন্ত্ৰিত এই দুৰ্যোগটোক লৈ??আহক, আমি সৰল ভাষাৰে ইয়াৰ প্ৰধান কাৰণটো জানিবলৈ চেষ্টা কৰোঁ।🔸ভূমিকম্পৰ মূল কাৰণ হৈছে ভূগৰ্ভত থকা টেকটনিক প্লেটৰ ঘৰ্ষণ। টেকটনিক প্লেট হৈছে পৃথিৱীৰ ভূ-ত্বক আৰু ওপৰৰ গলিত পদাৰ্থ তথা আপাৰ মেণ্টলৰ শিলাময় খণ্ড, যাক লিথোছফিয়াৰ (lithosphere) বোলা হয়। এই প্লেটবোৰ আভ্যন্তৰীণ অত্যন্ত উতপ্ত অথচ তৰল এক স্তৰ যাক এষ্টেনোছফিয়াৰ (asthenosphere) বোলা হয়। এই তৰল স্তৰটোৰ ওপৰতে আমি ভাহি আছো৷ এই প্লেটবোৰৰ গতিবিধিৰ ফলত ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ আৰু পৰ্বত সৃষ্টিৰ দৰে ভূতাত্ত্বিক পৰিঘটনা ঘটে। 🔸এই প্লেটবোৰৰ বয়স পিছে কম নহয়। পৃথিৱীৰ গঠনৰ প্ৰাৰম্ভিক পৰ্যায়তেই গঠন আৰম্ভ হৈছিল। অৰ্থাৎ এতিয়াৰ পৰা প্ৰায় ৪৫০ কোটি বছৰ পূৰ্বে। বিজ্ঞানীসকলৰ মতে, টেকটনিক প্লেটৰ গতিবিধি বা প্লেট টেকটনিক্স প্ৰায় ৩০০ৰ পৰা ৪০০ কোটি বছৰ পূৰ্বে আৰম্ভ হৈছিল। প্ৰথমাৱস্থাত পৃথিৱীৰ ভূ-ত্বক গৰম আৰু তৰল আছিল, কিন্তু সময়ৰ সৈতে ই ঠাণ্ডা হৈ ওপৰত এটা ডাঠ তৰপৰ সৃষ্টি হল। যিটো তৰপত আছে মাটি পানী তথা সমস্ত জীৱ জগত।🔸ভূমিকম্প হোৱাৰ মূল কাৰণ হল টেকট’নিক প্লেটৰ গতি। এই প্লেটবোৰ ভূ গৰ্ভত গলিত পদাৰ্থৰ ওপৰত ভাহি থাকে। যেতিয়া এই প্লেটবোৰ পৰস্পৰৰ সৈতে ঘৰ্ষণ হয় বা এটা প্লেট আনটোৰ তলত সোমাই পৰে বা এটাৰ পৰা আনটো প্লেট আঁতৰি যাব বিচাৰে তেতিয়াই শক্তি বা চাপৰ সৃষ্টি হয়। এই চাপ বা শক্তি যেতিয়া মুকলি হৈ পৰে তেতিয়াই ভূমিকম্প হয়। এনেদৰে প্লেটৰ স্থানচ্যুতি ঘটিলে ভূমিকম্পৰ তৰংগ উৎপন্ন হয়। যিটো ম্যানমাৰৰ ভয়াবহ ভূমিকম্পৰ মূল কাৰণ আছিল। অৰ্থাৎ ইউৰেছিয়ান প্লেটৰ তললৈ ইণ্ডিয়ান প্লেট খন সোমাই গৈ হোৱা প্ৰচণ্ড ঘৰ্ষণ আৰু ইয়াৰ ফলত উৎপন্ন হোৱা চাপ আৰু শক্তিৰ বাবেই এই ভূমিকম্প সংঘটিত হৈছে।ভূবিজ্ঞানীসকলে কয় যে ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ তীব্ৰতা আৰু সংখ্যা বেছি কাৰণ এই অঞ্চল তিনিটা প্ৰধান টেকট’নিক প্লেটৰ সংযোগস্থলৰ ওচৰত অৱস্থিত—ইণ্ডিয়ান প্লেট, ইউৰেশীয় প্লেট, আৰু চুন্দা প্লেট। এই প্লেটবোৰৰ নিয়মীয়াকৈ গতি কৰি থকাৰ ফলত ভূমিকম্পৰ পৰিমাণ এই অঞ্চলত সদায়ে বেছি। ম্যানমাৰত সঘনাই ঘটা ভূমিকম্পৰ কেন্দ্ৰবিন্দু সাধাৰণতে ১০-৫০ কিলোমিটাৰ গভীৰতাত থাকে, যি অগভীৰ ভূমিকম্পৰ শ্ৰেণীত পৰে। অগভীৰ ভূমিকম্পৰ বাবেই ক্ষয়ক্ষতি অধিক হ’ব পাৰে বুলি ভূ বিজ্ঞানী সকলে উল্লেখ কৰি আহিছে। ম্যানমাৰত এইবাৰ হোৱা ভূমিকম্প মাত্ৰ দহ কিলোমিটাৰ তলত সংহতিত হৈছিল। যাৰ পৰিণতি এতিয়া আমাৰ চকুৰ সন্মুখত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments